
ৰাজ্য কপাই যোৱা অসম আৰক্ষীৰ উপ: পৰিদৰ্শকৰ পদৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত অসম আৰক্ষীৰ অভিজান চলি থকাৰ সময়তে আজি আৰক্ষীয়ে উদ্ধাৰ কৰে কোটি কোটি টকা।
পি কে দত্তৰ গ্ৰপ্তাৰৰ পিছতেই এতিয়া নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। এই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে আজি বঙাইগাঁও আৰু বৰপেটাত অভিযান চলাই উদ্ধাৰ কৰে প্ৰায় ৫ কোটি টকা।
বৰপেটাৰ ৰেল কৰ্মচাৰীৰ ঘৰত ১.৫ কোটি টকা জব্দ হোৱাৰ লগতে অভযাপুৰীৰ তৰণী বনিক্যৰ ঘৰত উদ্ধাৰ হয় প্ৰায় ৩.৩৪ কোটি টকা।
বৰপেটাৰ ৰেল কৰ্মচাৰী দেৱৰাজ দেকা ৰেলৱেত ল’কো পাইলট হিচাপে কৰ্মৰত।
অধিক খবৰৰ বাবে অমাক Follow কৰক ফেচবুকত।