CAA ৰ পৰা  ৰাজনীতিলৈ ৰাজ্যৰ একাংশ শিল্পী

CAA ৰ পৰা ৰাজনীতিলৈ ৰাজ্যৰ একাংশ শিল্পী

ৰাজ্যৰ একাংশ শিল্পীৰ যেন এতিয়া CAA আন্দোলনৰ প্ৰতি মোহ ভংগ হৈছে । আন্দোলন কৰি যেন সকলো ভাগৰি পৰিল, আৰু বুজি উঠিছে যেন এয়া সময় ৰাজনীতি কৰাৰ ।

আহি আছে ২০২১ ত বিধান সভা নিৰ্বাচন । সকলোকে যেন মন্ত্রী বিধায়কৰ গাদি লাগে । সেইকাৰনে বিভিন্ন দলত এতিয়া দেখা গৈছে গায়ক গায়িকা, অভিনেতা অভিনেত্ৰী লগতে অন্যান্য সাংস্কৃতিক কৰ্মি ৰ যোগদান । সকলোৰে মন সক্ৰিয় ৰাজনীতিত থকাৰ ।

বিশেষ ভাবে বি.জে.পি আৰু কংগ্ৰেছ দললৈ আকৰ্ষিত হৈছে অসমৰ সাংস্কৃতিক পথাৰৰ বহু ৰথি মহাৰথি । কিছুদিন আগলৈ চৰকাৰ পক্ষক আৰু কংগ্ৰেছক চোকা সমালোচনাৰে থকা সৰকা কৰা সকলৰ পৰাই এতিয়া বহুতে সকলো পাহৰি সেই একেই দলত যোগদান কৰিবলৈ তুংগত উঠিছে ।

মঙলবাৰে বিজেপিত যোগদান কৰিলে গায়ক সীমান্ত শেখৰ, বাঁহীবাদক দীপক শৰ্মা, বিহুৱতী ড্ৰিমলী গগৈ, কৰিঅ’গ্ৰাফাৰ পংকজ ইংতিৰ লগতে ২৮ জনিয়া দলে যোগ দিলে বিজেপিত। সম্পুৰ্ন তালিকা তলত দিয়া হৈছে:

১/ প্ৰঞ্জিত দাস ,অভিনেতা
২/ দীপক। শৰ্মা, বাঁহী বাদক
৩/ ৰেৱা ফুকন ,অভিনেত্ৰী
৪/ সীমান্ত শেখৰ,কণ্ঠশিল্পী
৫/পংকজ ইংতি
৬/বিৰিণা পাঠক, কণ্ঠশিল্পী
৭/জয় চক্ৰৱৰ্তী,কণ্ঠশিল্পী
৮/ ড্ৰীমলী গগৈ , বিহোৱতি
৯/ প্ৰঞ্জনা দত্ত, অভিনেত্ৰী
১০/ পল ফুকন,অভিনেতা
১১/ কৱীন্দ্ৰ দাস, শব্দযন্ত্ৰী
১২/ পল্লৱ পৱন বৰা,অভিনেতা
১৩/ সুদীপ্ত ভৰৱাদ্বাজ, কণ্ঠশিল্পী
১৪/আৰোহণ বৰদলৈ,কণ্ঠশিল্পী
১৫/ বিজয় কাশ্যপ, সংগীত পৰিচালক
১৬/ প্ৰসন্ন বৰুৱা
১৭/ ঋতিকা হাজৰিকা, ফেচন ডিজাইনাৰ
১৮/ কিশোৰ দাস,অভিনেতা
১৯/ সিদ্ধান্ত কলিতা, অভিনেতা
২০/ ধ্ৰুৱ কাশ্যপ,অভিনেতা
২১/ বিকাশ ভৰদ্বাজ,অভিনেতা
২২/ জয়শ্ৰী গোস্বামী, অভিনেত্ৰী
২৩/ প্ৰতিমা দেৱী, কণ্ঠশিল্পী
২৪/ বৈকুণ্ঠ পাঠক, অভিনেতা
২৫/ ঋষভ শৰ্মা,অভিনেতা
২৬/ অংকুৰানি শৰ্মা, কণ্ঠশিল্পী
২৭/ নীৰৱ মন শৰ্মা ,অভিনেতা
২৮/ প্ৰিয়ংকা কলিতা, কণ্ঠশিল্পী

ইতিমধ্যে যতিন বৰাই নিজৰ আবেগিক সিদ্ধান্তক সলনি কৰি আকৌ বি.জে.পি ত যোগদান কৰিছে । আকৌ কিছুদিন পুৰ্বেই বিদ্য সাগৰ আৰু আশা বৰদলৈএ বিজেপিত যোগদান কৰিছে ।

আনহাতে আন কিছুৱে আকৌ ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে আৰু অনাগত দিনত আৰু বহু শিল্পীযে কংগ্ৰেছ দলত যোগদানৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

গায়ক বাবু বৰুৱা, অজয় ফুকন, নেকিব আদিকে কৰি ৩৮ গৰাকী শিল্পীয়ে আজি গুৱাহাটীৰ মানবেন্দ্ৰ বৰুৱা কমপ্লেক্সত আয়োজন কৰা যোগদান কাৰ্যসূচীত কংগ্ৰেছ দলত যোগদান কৰে ।


Leave a Reply

Your email address will not be published. Required fields are marked *