Inside Tak
Menu
  • Home
  • Covid-19
  • News
  • Result
  • Recruitment
  • Bollywood
Menu
Assamese News Headlines@ insidetak.com

Assamese News Headlines@ insidetak.com

Posted on August 26, 2020August 26, 2020 by admin

নমস্কাৰ প্ৰিয় পাঠক, আজিৰ হেডলাইন শিতানলৈ স্বাগতম । আৰম্ভ কৰিব লৈছো বিগত ২৪ ঘন্টাৰ কিছু গুৰুত্বপুৰ্ন খবৰ ।

মংগলবাৰে ৰাজ্য খনত ২৪ ঘন্টাৰ ভিতৰত নতুনকৈ ১৯৭৩ জন লোকৰ দেহত ধৰা পৰে মাৰাত্মক ক’ৰোণা । ইয়াকে লৈ সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ৮৪৩১৭ গৰাকী । ইয়াৰ বিপৰীতে অসমত বুধবাৰে ১৭২৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰে ।

মংগলবাৰে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ পুনৰ ৮ জন ৰোগী মৃত্যু মুখত পৰে । ইয়াৰ লগতে বৰ্তমান লৈকে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ সৰ্বমুঠ ২৫৮ জনৰ মৃত্যু হৈছে ।

ৰাজ্যত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীৰ পাঠ্যক্ৰম ৩০%লৈ হ্ৰাস কৰাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সিদ্ধান্ত ,ৰাজ্যত কভিদ-১৯ ৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ

ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বুজ লোৱা উদ্দেশ্যৰে কেন্দ্ৰীয় প্ৰতিনিধি দলৰ কাইলৈ অসম ভ্ৰমণ। তিনি দিনীয়া কাৰ্যসূচীৰে ক্ষতিগ্ৰস্থ অঞ্চল ভ্ৰমণ কৰাৰ পৰিকল্পনা ।

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ২০২১ৰ বিধানসভা নিৰ্বাচনত নমাৰ ইচ্ছা নাই । টুইটাৰ যোগে জনালে এই কথা ।

অসমৰ শিল্পীসকলৰ মাজত চলিছে ৰাজনৈতিক দল যোগদানৰ ব্যাপক তৎপৰতা। মংগলবাৰে ৰাজ্যখনত ২৮ গৰাকীয়ে বিজেপিত আৰু ৩১ গৰাকী শিল্পীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আক্ৰান্ত হৈছে ক’ৰোণাত । মংগলবাৰে অসুস্থ অৱস্থাত জি.এম.চি.এইচ. ভৰ্তি কৰোৱা হৈছিল বিধায়ক জনক পাছলৈ স্বাব টেষ্টত ধৰা পৰে কোভিড -১৯ৰ উপস্থিতি।

অসমত শীঘ্ৰেই পুনৰ আত্মপ্ৰকাশ ঘটিব নতুন ৰাজনৈতিক দলৰ । আঞ্চলিকতাবাদ সূৰক্ষা মঞ্চৰ এখন পূৰ্ণাঙ্গ সভা অনুষ্ঠিত হয় মংগলবাৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত । এই সভাখনতে নতুন ৰাজনৈতিক দল গঠনৰ বিষয়ে আলাপ-আলোচনা কৰে কমিটীয়ে ।

কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ ৱেবছাইট হেক । জানিব পৰা মতে পাকিস্তানৰ হেকাৰ এজনে kishanreddy.com নামৰ ৱেবচাইট টো হেক কৰি স্বাধীন কাশ্মীৰৰ বিষয়ে পোষ্ট কৰে ।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook

Categories

  • Bollywood
  • Covid-19
  • Jobs
  • News
    • WhatsApp
  • PUBG
  • Result
  • Sports
  • Technology
  • Uncategorized

About Us

  • About Us
  • Contact Us
  • Privacy Policy
©2021 Inside Tak | Design: Newspaperly WordPress Theme