
ৰবিবাৰে ৰাজ্য খনত ২৪ ঘন্টাৰ ভিতৰত নতুনকৈ ১২৭২ জন লোকৰ দেহত ধৰা পৰে মাৰাত্মক ক’ৰোণা । ইয়াকে লৈ সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ৯০৭৪০ গৰাকী । ইয়াৰ বিপৰীতে শনিবাৰ লৈকে অসমত আৰোগ্যৰ সংখ্যা ৬৭৬৪১ জন। বৰ্তমান ৰাজ্যত ২২৮৫৪ জন ৰোগী বিভিন্ন কভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু এই পৰ্যন্ত ২৪২জনে কৰুণ ভাৱে মৃত্যুক সাৱটি লৈছে ।
যোৱা কালি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেদকৰে কভিদ -১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলচিত্ৰ আৰু টেলিভিছন অনুষ্ঠানৰ শ্বুটিঙৰ ক্ষেত্ৰত নতুনকৈ নীতি নিৰ্দেশনা ঘোষণা কৰিছে ।গৃহ মন্ত্ৰালয় আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে আলোচনাৰ পিছত মন্ত্ৰী ডাঙৰীয়াই কিছুমান নীতি নিৰ্দেশনা মানি শ্বুটিং সমূহ আৰম্ভ কৰিব পাৰিব বুলি উলেক্ষ কৰে ।
দৰঙৰ শিলবৰীত মাৰণস্ত্ৰসহ চাৰিজনক আটক কৰে আৰক্ষীয়ে । আটকাধীন আটাইকেইজন লোকৰ ঘৰ ঢেকীয়াজুলিৰ কঠালডুব গাঁৱত ।
বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান ব্যক্তি ফ্ৰেডি ব্ল’মৰ মৃত্যু হয় দেওবাৰে । ১১৬ বছৰ বয়সত নশ্বৰ দেহ ত্যাগ কৰে দক্ষিণ আফ্ৰিকাৰ কেপটাউন চহৰৰ বাসিন্দা ব্ল’মে ।
প্ৰাক্তন ৰাষ্ট্ৰপতি প্রণব মুখাৰ্জীৰ স্বাস্থ্য অৱস্থা এতিয়াও সংকট জনকহৈ আছে।প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ স্বাস্থ্য অৱস্থা আজিও অপৰিবৰ্তিত হৈ আছে আৰু বৰ্তমানো তেওঁক ভেন্তিলেটাৰত ৰখা হৈছে ।
বন্দে ভাৰত আঁচনিৰ অধীনত আন্তৰ্জাতিক বিমান যাত্ৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নতুন নীতি নিৰ্দেশনা।
মহিলা সবলীকৰণৰ অৰ্থে ৰাষ্ট্ৰীয় আন্দোলনৰ প্ৰয়োজনীয়তা ওপৰত উপৰাষ্ট্ৰপতি ম ভেনকায় নাইডুৰ গুৰুত্ব আৰোপ।
দেশত কোভিড -19 ত আৰোগ্য লাভৰ হাৰ ৭৫ শতাংশ লৈ বৃদ্ধি।
অসমৰ বান পৰিস্থিতি আৰু ইয়াৰ ক্ষয় ক্ষতি বুজ লোৱাৰ উদ্দেশ্য অহা বুধবাৰে ছয় জনীয়া কেন্দ্ৰীয় দলৰ অসম ভ্ৰমণ ।