২ অক্টোবৰৰ পৰা তেজপুৰীয়া ৰাইজে কিছু নতুন নিয়ম মানি চলিব লাগিব

২ অক্টোবৰৰ পৰা তেজপুৰীয়া ৰাইজে কিছু নতুন নিয়ম মানি চলিব লাগিব

২ অক্টোবৰৰ পৰা আৱৰ্জনা নিষ্কাষণৰ ক্ষেত্ৰত তেজপুৰ পৌৰ সভা এলেকাত প্ৰযোজ্য হ’ব নতুন নিয়মাৱলী; আৱাসিক অঞ্চলত নাথাকিব ৰাজহুৱা ডাষ্টবিন ।

পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে জাৰি কৰা O.A. No. 606/2018 নিৰ্দেশনাৰ Point No.16 আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০১৬, প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা বিধি ,২০১৬ৰ লগতে স্বচ্ছ ভাৰত মিচন (নগৰাঞ্চল)ৰ অধীনত বিভিন্ন সময়ত জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত তেজপুৰ পৌৰ সভাই পৌৰ সভা এলেকাৰ অন্তৰ্গত সকলো গৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বাবে অহা ২ অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱা কৈ কিছু নিয়মাৱলী প্ৰস্তুত কৰিছে ৷

পৌৰ সভাই জাৰি কৰা এক জাননীৰ মতে অহা ২ অক্টোবৰৰ ভিতৰত তেজপুৰ পৌৰ সভা এলেকাৰ আৱাসিক অঞ্চলৰ পৰা সকলো ৰাজহুৱা ডাষ্টবিন আঁতৰ কৰা হ’ব ৷ তাৰ পৰিৱৰ্তে পৌৰ এলেকাৰ অধীনৰ সকলো গৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জাৱৰ অথবা পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰিবলৈ Radiant Skills and Environmental Solutions ক পৌৰসভাই দায়িত্ব অৰ্পণ কৰিছে ৷ তেজপুৰ পৌৰ সভাই সকলো পৌৰ এলেকাৰ নিবাসীৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহক উক্ত সংস্থাৰ অধীনত পঞ্জীয়ন কৰিবলৈ আহবান জনাইছে৷ পৌৰসভাই লগতে জনোৱা অনুসৰি এই সংস্থাই আৱৰ্জনা সংগ্ৰহ কৰাৰ সময়ত সকলোৱে আৱৰ্জনাসমূহ শুকান তথা ভিজা দুটা ভাগত পৃথক কৰি জমা দিব লাগিব ৷

ইয়াৰ উপৰিও, নতুন নিয়মাৱলী অনুসৰি এতিয়াৰ পৰা কোনো প্ৰতিষ্ঠান বা বাসগৃহৰ সন্মুখত আৱৰ্জনা জমা হ’লে উক্ত প্ৰতিষ্ঠান বা বাসগৃহৰ গৰাকীক দোষী সাব্যস্ত কৰি তেওঁলোকক জৰিমনা বিহা হ’ব৷ নতুন নিয়মাৱলীত পৌৰ সভা এলেকাত জাৱৰ তথা প্লাষ্টিক আৱৰ্জনা মুকলি ভাৱে জ্বলোৱাৰ ওপৰত বাধা আৰোপ কৰা হৈছে৷ ৫০ মাইক্ৰনতকৈ কম ঘনত্বৰ প্লাষ্টিকৰ মোনা/ কেৰী বেগ আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে৷একেদৰে পলিথিন, বটল আদি নলা, নৰ্দমা, নদী বা পুখুৰীত পেলাই দিয়াৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ লগতে জাননীখনত পৌৰসভাই পথৰ দাঁতিত নিৰ্মাণকাৰ্যত ব্যৱহৃত সামগ্ৰী যেনে ইটা, শিল, বালি ইত্যাদি জমা কৰাত বাধা আৰোপ কৰি অতি সোনকালে ৰাজহুৱা পথৰ পৰা নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী আঁতৰাই নিবলৈ সকলোকে নিৰ্দেশ প্ৰদান কৰিছে৷ এনে সামগ্ৰী প্ৰত্যক্ষ কৰিলে পৌৰসভাৰ ফালৰ পৰা সকলো সামগ্ৰী জব্দ কৰা হ’ব বুলি উক্ত জাননীত উল্লেখ কৰা হৈছে ৷
উপৰোক্ত নিয়মসমূহ ভঙ্গ কৰিলে পৌৰ বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ২০০/-ৰ পৰা ৫০০০/- টকা পৰ্যন্ত জৰিমণা বিহা/ ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলিও জাননীত উল্লেখ কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *