জাক-জমকতাত নাই প্ৰকৃত সুখ

জাক-জমকতাত নাই প্ৰকৃত সুখ :আমি সৰুৰে পৰা এষাৰ কথা শুনি আহিছো মানুহে হেনো দুখ দেখিলে হে প্ৰকৃত সুখ উপলব্ধি কৰিব পাৰে।এই কথাটিকে প্ৰমাণিত কৰা এটি কাহিনী মই দিব্য জ্যোতি শৰ্মাই inside talk ৰ জৰিয়তে লৈ আহিছো আপোনালোকৰ ওচৰলৈ।

এটি মোবাইল,একবিংশ শতিকাৰ এক অভিন্ন অংগ যিটো বৰ্তমান জগতত সকলোৰে হাতে হাতে উপলব্ধ কিন্তু এদিন আপোনাৰ অকস্মাতে যদি এই মোবাইলটি ভাঙে তেন্তে আপুনি কি কৰিব? নিশ্চয় এই প্ৰশ্ন উত্তৰ সকলোৰে পক্ষত একে নহয়। কিছুমানে হয়টো মোবাইলটি মেৰামতি কৰিবলৈ টকা জমা কৰা আৰম্ভ কৰিব,মধ্যবিত্ত পৰিবাৰৰ ব্যক্তিয়ে হয়টো এখন মোবাইল চাৰ্ভিচ চেন্টাৰত ফোনটি মেৰামতি কৰিব আৰু যদিহে অগাধ সম্পত্তিৰ মালিক হয় তেন্তে মেৰামতিৰ চিন্তা নকৰি নতুন এটা ফোন লোৱাৰ চিন্তা চৰ্চা কৰিব,যিটো অতি স্বভাৱিক ঘটনা কাৰণ মানুহৰ হাতত থকা টকাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি মনুহৰ ব্যবহাৰ তথা কৰ্মকাৰ্য সলনি হয়।

জাক-জমকতাত নাই প্ৰকৃত সুখ

এতিযা আপোনালোকে স্ক্ৰীনত দেখুৱা ফটোটি লৈ মন কৰক যত এজন ব্যক্তি এটি ভঙা মোবাইলৰ সতি দেখা পোৱা গৈছে। সেই ফটোত থকা ব্যক্তি জন এজন কোটি পতি আৰু তেওঁৰ সাপ্তাহিক আয় প্ৰায় 1কোটি 40 লাখ। সেই ব্যক্তিজনক এটি সাক্ষাৎকাৰত তেওঁৰ ভঙা মোবাইলটিৰ কথা সোধাত তেওঁ শীঘ্ৰে সেই মোবাইলটি মেৰামতি কৰিব বুলি উল্লেখ কৰিছিল যিটো অতি আচৰ্য্য জনক আছিল কাৰণ তেওঁৰ দৰে কোটিপতি বাবে এটা নতুন মোবাইল লোৱা অতি সাধাৰণ কথা। এই ব্যক্তিজন আন কোনো নহয় চেনেগালৰ বিখ্যাত ফুটবলাৰ চডিঅ’ মানে।

জাক-জমকতাত নাই প্ৰকৃত সুখ


সেই সাক্ষাৎকাৰত তেওঁ আৰু কৈছিল যে তেওঁ ইচ্ছা কৰিলে হাজাৰটা এনেকুৱা মোবাইল কিনি ল’ব পাৰে, ইচ্ছা কৰিলে ১০ খন ফেৰাৰী, দুখনমান প্ৰাইভেট জেট, হীৰাখচিত ঘড়ী এইবোৰো ক্ৰয় কৰিব পাৰে,কিন্তু তেওঁৰ মতে সেইবোৰ অপ্ৰয়োজনীয়।

চাদিঅ মানে সৰু কালতে হস্পিতালৰ অভাৱত পিতৃক হেৰুৱাইছিল তথা দৰিদ্ৰতাৰ ফলত খাবলৈ অহাৰ পিন্ধিবলৈ ভাল কাপোৰ নাছিল না নিজৰ শিক্ষা সম্পূৰ্ণ কৰিব পাৰিছিল। সৰুৰে পৰা ফুটবল খেলি ভাল পোৱা চদিঅ জোতা অভাৱত খালি ভৰিৰে ফুটবল খলিবলে বাধ্য আছিল। কিন্তু নিজৰ কষ্ট আৰু প্ৰতিভাৰৰ দমত আজি তেওঁ এজন কোটিপতি। এই চদিঅ ই অৰ্জন কৰা টকাৰে আৰামৰ জীৱন অতিবাহিত নকৰি সমাজৰ হৈ কাম কৰি আহিছে। হস্পিতালৰ অভাৱত পিতৃক হেৰুৱা চদিঅ নিজৰ গাঁৱত হস্পিতাল তথা বিদ্যালয় নিৰ্মাণ কৰা লগতে দৰিদ্ৰ সকলক লালন পালন কৰি আহি আছে। তেওঁৰ মতে তেওঁৰ আজি সকলো আছে সেয়েহে তেওঁৰ থকাখিনি অনৰ সৈতে ভগাইলব বিচাৰে।

জাক-জমকতাত নাই প্ৰকৃত সুখ
 সৰুৰে পৰা বিভিন্ন কাৰণ দুখ পোৱা চাদিঅ মানেই আনৰ মুখত হাঁহি বিৰিঙীয়াই ভালপায় আৰু এনেদৰে ই তেওঁ প্ৰকৃত সুখ বিচাৰি পাইছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *