উত্তৰ পূৰ্বাঞ্চললৈ বিজ্ঞানৰ ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিছে ডঃ বিনীতা পাঠকে – ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পোন প্ৰথম বাৰৰ বাবে ডঃ বিনীতা পাঠকে IASc ৰ সহযোগী সন্মান লাভ কৰিব সক্ষম হৈছে।

উত্তৰ পূৰ্বাঞ্চললৈ বিজ্ঞানৰ ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিছে ডঃ বিনীতা পাঠকে
উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ৰ পৰা ICTP ৰ সন্মান লাভ কৰা একমাত্ৰ মহিলা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপিকা তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগতে অন্য বিভিন্ন গৱেষণা সংস্থাৰ সৈতে জড়িত বায়ুমণ্ডলীয় আৰু জলবায়ু বিজ্ঞানী ডঃ বিনীতা পাঠকে IASc ৰ সহযোগী সন্মান পাবলৈ সক্ষম হৈছে। এই উপাধি অৰ্জনৰ বাবে IASc ৰ কৰ্ম পৰিক্ৰমাত সক্ৰিয় ভাৱে যোগদান তথা IASc ৰ চিৰ বাৰ্ষিক আৰু মধ্য বাৰ্ষিক বৈঠকত অংশগ্ৰহন কৰিব লাগিব । ইয়াৰ লগতে বিজ্ঞানক জনপ্ৰিয়কৰণ আৰু বিশুদ্ধ বিজ্ঞান শিক্ষাৰ বাবে নিজাববীয়াকৈ অনুশীলন , পৰীক্ষণ , পাঠ্যক্ৰম,বক্তৃতা,কৰ্মশালা আদি আয়োজন কৰাৰ সমানে নিয়মীয়াকৈ গৱেষণাপত্ৰ লেখন আদি কৰিব লাগিব।
এই IASc ১৯৩৪ চনতে বাংগালুৰুত স্থাপিত হৈছিল আৰু তেতিয়াৰে পৰা এই সংস্থাটোৱে ভাৰতত কৰ্মৰত প্ৰতিভাশালী যুৱ বিজ্ঞানীসকলক উৎসাহিত কৰি অহা লগতে ১৯৮৩ ৰ পৰা সহযোগী সন্মান প্ৰদান কৰি আহিছে আৰু এইবাৰ ডঃ বিনীতা পাঠকে বায়ুমণ্ডলত উপঙি থকা ধুলিকনা তথা কটা সমূহৰ লক্ষণ নিৰুপন আৰু সেই সমূহৰ সূৰ্যৰ সৈতে হোৱা পৰিঘটনা আৰু পৰবৰ্তী সময়ত জলবায়ুৰ ওপৰত তাৰ প্ৰভাৱৰ ওপৰত চলোৱা গৱেষণা তথা দক্ষিণ এছিয়াৰ বায়ুমণ্ডল আৰু গৱেষণাত তেওঁৰ বৰঙণিক লক্ষ্য কৰি IASc যে সহযোগী সন্মান প্ৰদান কৰিছে ।
1 thought on “উত্তৰ পূৰ্বাঞ্চললৈ বিজ্ঞানৰ ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিছে ডঃ বিনীতা পাঠকে”