জনপ্ৰিয় কন্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই। মহানগৰীৰ হেলথ চিটীত গুৰুতৰভাৱে অসুস্থ হৈ থকা কন্ঠশিল্পীগৰাকী দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল। আৰু বৃহস্পতিবাৰৰ পুৱা ভাগত শেষ নিশ্বাস ত্যাগ কৰে।

ৰাজ্যজুৰি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে বিশিষ্ট কন্ঠশিল্পী অৰ্চনা মহন্তৰ বিয়োগৰ খবৰ পোৱাৰ পাছতেই । অৰ্চনা মহন্তৰ পুত্ৰ পাপন মহন্ত আৰু পৰিয়ালৰ লোক হেলথ চিটী হাস্পতালত গৈ উপস্থিত হৈছে ।অৰ্চনা মহন্তৰ নশ্বৰ দেহ প্রথমে অনা হ’ব নিগাজীপামত থকা বাসগৃহলৈ।তাৰ পাছতহে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত।দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অৰ্চনা মহন্ত চিকিৎসাধীন হৈ আছিল মহানগৰীৰ হেলথ চিটী হাস্পতালত।
বহু কালজয়ী গীতত কন্ঠদান কৰা খগেন মহন্ত আৰু অৰ্চনা মহন্ত অসমীয়া সংগীত জগতৰ এক উল্লেখযোগ্য যুটী আছিল।
১৯৬৫ চনত খগেন মহন্তৰ সৈতে অৰ্চনা মহন্ত বিবাহপাশত আৱদ্ধ হৈছিল ।অৰ্চনা মহন্ত আৰু খগেন মহন্তই একেলগে গোৱা চিৰসেউজ গীতবোৰ আজিও জনপ্ৰিয় হৈ আছে।